Wednesday, November 20, 2019

Arundhati Scheme of Assam

দৰা–কইনা দুয়ো হ’ব লাগিব মেট্ৰিক পাছ, অন্যথা নাপাব চৰকাৰী সোণ

অসম চৰকাৰৰ অভিলাসী আঁচনি অৰুন্ধতী কেবিনেটত গৃহিত হোৱাৰ পিছত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।

Add caption


বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে এখন অভিলাসী আঁচনি। আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপযুক্ত বয়সত বিয়া হ’লে ছোৱালীক চৰকাৰে দিব এতোলা সোণ। অৰুন্ধতী আঁচনি  কেবিনেটত গৃহিত হোৱাৰ পিছত বুধবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। কিন্তু সোণ লাভ কৰিবলৈ হ’লে কৰাব লাগিব পঞ্জীয়ন।  বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব সোণ ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা। কিন্তু চৰকাৰে আগবঢ়োৱা এই আচঁনিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে দৰা কইনা হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ। অৱশ্যে চাহ জনজাতি আৰু আদিবাসীৰ ক্ষেত্ৰত নালাগে কোনো শিক্ষাগত অৰ্হতা।

২০২০ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ’ব চৰকাৰৰ এই অভিলাসী আঁচনিখন। আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব। ডিচেম্বৰত সামাজিক ভাবে বিয়া পাতিলেও ২০২০ চনত পঞ্জীয়নৰ সুবিধা লব পাৰিব। লগতে  হিতাধিকাৰীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখ তলত উপৰ্জন কৰিলেহে এই আচনিৰ সুবিধা পাব।

No comments:

Post a Comment