Saturday, January 11, 2020

প্ৰতিবাদী কণ্ঠক নেওচি ১০ জানুৱাৰিৰ পৰা দেশত বলৱৎ হ’ল নাগৰিকত্ব (সংশোধন) আইন



সমগ্ৰ দেশ তথা ৰাজ্যত ‘কা’ বাতিলৰ দাবীত বিভিন্ন দল-সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজ আদিয়ে প্ৰতিবাদ কৰি আহিছে। কিন্তু এনে ধৰণৰ প্ৰতিবাদলৈ কোনো ধৰণৰ কেৰেপ নকৰি তথা ‘কা’ বিৰোধী প্ৰতিবাদক নেওচি শুকুৰবাৰ অৰ্থাৎ ১০ জানুৱাৰিৰ পৰা বলৱৎ হ’ল নাগৰিকত্ব (সংশোধন) আইন।
গৃহ মন্ত্ৰালয়ে এক জাননী জাৰি কৰি এই কথা ঘোষণা কৰিছে। জাৰি কৰা জাননীত উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে, নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ২০১৯ (২০১৯ৰ ৪৭)ৰ ধাৰা ১ৰ উপধাৰা (২)ৰ দ্বাৰা প্ৰাপ্ত ক্ষমতাৰ প্ৰয়োগ কৰি ১০ জানুৱাৰী, ২০২০ক সেই দিনৰূপে ধাৰ্য কৰিছে য’ত উক্ত অধিনিয়মৰ নিয়ম প্ৰযোজ্য হ’ব।
আনহাতে ‘কা’ বলৱৎ হোৱাৰ লগে লগে ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ সমূহ দল-সংগঠন। আজি ৰাজ্যজুৰি আছুৱে বাহিৰ কৰিব জোঁৰ সমদল। ইফালে ‘কা’ বলৱৎ হোৱাৰ লগে লগে নিশায়ে কটনিয়ান সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

Wednesday, January 8, 2020



এতিয়া ঘৰতে বহি কৰক বেংকৰ কাম, ৪২ কোটি গ্ৰাহকলৈ SBIৰ বিশেষ সুবিধা


বেলেঞ্চ এনকুৱেৰী, মিনি ষ্টেটমেণ্টৰ লগতে শিক্ষামূলক ঋণৰ সুদৰ প্ৰমাণপত্ৰ–গৃহ ঋণৰ সুদৰ প্ৰমাণপত্ৰ আদিৰ তথ্য লাভ কৰিব পাৰি

SBI কুইক এক মিছ্ড কল বেংকিং সেৱা। এই সেৱাৰ জৰিয়তে একাউণ্ট আৰু আন বেংকিং সেৱা সম্বন্ধীয় তথ্য লাভ কৰিব পাৰে গ্ৰাহকে। একাউণ্টৰ গৰাকীয়ে মিছ কলৰ জৰিয়তে SBI কুইক সেৱা লাভ কৰিব পাৰিব।

কেনে কৰিব SBI কুইক সেৱাৰ ব্যৱহাৰ :

১. বেলেঞ্চ এনকুৱেৰী – একাউণ্টৰ বেলেঞ্চ জানিবলৈ 09223766666 নম্বৰত মিছ কল দিয়ক বা “BAL” লিখি SMS প্ৰেৰণ কৰক।

২. মিনি ষ্টেটমেণ্ট – 09223866666 নম্বৰত মিছ কল দি বা “MSTMT” লিখি 09223866666 নম্বৰলৈ SMS কৰি আপুনি শেষৰ পাঁচটা লেনদেনৰ তথ্যৰ সৈতে লাভ কৰিব মিনি ষ্টেটমেণ্ট।

৩. চেক বুক ৰিকুৱেষ্ট – একাউণ্টৰ গৰাকীয়ে 09223588888 নম্বৰত ‘CHQREQ’ বুলি লিখি মেছেজ প্ৰেৰণ কৰি বা এই নম্বৰত মিছ কল দি নতুন চেকবুকৰ বাবে আবেদন কৰিব পাৰে। গ্ৰাহকে ৬টা সংখ্যাৰ এটা SMS লাভ কৰিব। কনফাৰ্ম কৰিবৰ বাবে গ্ৰাহকে 09223588888 নম্বৰত “CHQACC <space> Y <space> 6 অংকৰ নম্বৰ” লিখি SMS কৰিব লাগিব।

৪. SBI ই–ষ্টেটমেণ্ট – গ্ৰাহকে নিজৰ ৰেজিষ্টাৰ্ড ই–মেইলত বিগত ৬ মাহৰ ষ্টেটমেণ্ট লাভ কৰিব পাৰে। ই–মেইলত পাছৱৰ্ড সুৰক্ষিত PDF ফাইল প্ৰেৰণ কৰা হয়। মিছ কল দি বা “ESTMT <স্পেচ> একাউণ্ট নম্বৰ <স্পেচ> <চাৰিটা অংকৰ কোড>” লিখি 09223588888 নম্বৰলৈ প্ৰেৰণ কৰক।

৫. শিক্ষামূলক ঋণৰ সুদৰ প্ৰমাণপত্ৰ – মিছ কল দি বা SMS প্ৰেৰণ কৰি শিক্ষামূলক ঋণৰ সুদৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰি। “ELI<স্পেচ> একাউণ্ট নম্বৰ <স্পেচ> <চাৰিটা সংখ্যাৰ কোড> লিখি 09223588888 নম্বৰলৈ SMS প্ৰেৰণ কৰক।

৬. গৃহ ঋণৰ সুদৰ প্ৰমাণপত্ৰ – মিছ কল দি বা SMS প্ৰেৰণ কৰি গৃহ ঋণৰ সুদৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰি। “HLI <স্পেচ> একাউণ্ট নম্বৰ <স্পেচ> <চাৰিটা সংখ্যাৰ কোড> লিখি 09223588888লৈ প্ৰেৰণ কৰক।

Sunday, December 29, 2019

ফেচবুক-টুইটাৰ ব্যৱহাৰ কৰাসকল সাৱধান, এইধৰণৰ পোষ্ট কৰিলে বন্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট

ফেচবুক-টুইটাৰ ব্যৱহাৰ কৰাসকল সাৱধান, এইধৰণৰ পোষ্ট কৰিলে বন্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট!



ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল সাৱধান হওক। কাৰণ ফেচবুক আৰু টুইটাৰত CAAৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে অসমীয়াত মন্তব্য কৰিলেও সাৰি যাব নোৱাৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শেনচকুৰ পৰা। এই কাৰ্যৰ বাবে গঠন কৰা IT আৰু ফফ্টৱেৰ বিশেষজ্ঞৰ দলে প্ৰস্তুত কৰি উলিয়াইছে এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকা।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰূদ্ধে আন্দোলন তীব্র হোৱাৰ লগে লগে ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছে ফেচবুক আৰু টুইটাৰত। ছচিয়েল মিডিয়াত দিনে দিনে বাঢ়ি গৈছে অসমীয়াত চৰকাৰৰ বিৰূদ্ধে মন্তব্য কৰা লোকৰ সংখ্যা। পূৰ্বতে Unicode পদ্ধতিৰে ছচিয়েল মিডিয়াত অসমীয়াত মন্তব্য কৰা সকলৰ ওপৰত চকু ৰখা অসম্ভৱ আছিল। কিন্তু এতিয়া CAAৰ বিৰোধিতা কৰি অসমীয়াত ছচিয়েল মিডিয়াত মন্তব্য কৰিলেও এতিয়া সাৰি যাব নোৱাৰে গৃহ মন্ত্ৰণালয়ৰ শেনচকুৰ পৰা।

কিন্তু সম্প্ৰতি ছচিয়েল মিডিয়াত অসমীয়াত CAAৰ বিৰোধিতা কৰি চৰকাৰ বিৰুদ্ধে মন্তব্য কৰা লোকৰ সংখ্যা অতিমাত্ৰা বৃদ্ধি পোৱাত সচকিত হৈছে কেন্দ্ৰীয় চৰকাৰ।

নতুন দিল্লীৰ গৃহ মন্ত্ৰণালয়ৰ নতুন কাৰ্যালয়ত এই উদ্দেশ্যে গঠন কৰা হৈছে IT বিশেষজ্ঞ আৰু ছফটৱেৰ অভিযন্তাৰ এক বিশেষ দল। Earnest and Young নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা লোৱা হৈছে বিশেষ সেৱা। ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা লোৱা হৈছে ৫জন অতি পাৰ্গত ব্যক্তিক আৰু সমান্তৰালকৈ নিয়োগ কৰা হৈছে অসমৰ ৩৩খন জিলাৰ বিপৰীতে ৩৩জন অসমীয়া ভাষা জনা ছচিয়েল মিডিয়া বিশেষজ্ঞ।

এই বিশেষ দলটোৱে প্ৰস্তুত কৰি উলিয়াইছে এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকা। আৰু এক মাহৰ ভিতৰত এই তালিকাত অন্তৰ্ভুক্ত হ’ব অতিৰিক্ত ২ লক্ষ শব্দ। জাতি, মাটি, জাতীয়, নায়ক, দেশদ্রোহী আদি শব্দবোৰেৰে প্ৰস্তুত কৰা হৈছে ১ লক্ষ শব্দৰ এই তালিকা।

কোনোৱে ছচিয়েল মিডিয়াত এই শব্দবোৰ ব্যৱহাৰ কৰি ষ্টেটাছ দিলে অথবা টুইট কৰিলেই বিশেষ Software Applicationৰ সহায়ত এই দলটোৱে বিচাৰি উলিয়াব ষ্টেটাছ দিয়া আৰু টুইট কৰা ব্যক্তিজনক। তৎক্ষণাত তেওঁৰ পৰিচয়, অৱস্থিতি আদি বিচাৰি প্ৰস্তুত কৰা হ’ব এক বিশেষ ডাটাবেছ। এতিয়া অসমীয়া ভাষা জনাকেইজনে সেই মন্তব্যটো বিশ্লেষণ কৰিব আৰু যদি সেই মন্তব্য চৰকাৰৰ বিৰোধী হয় তেওঁলোকে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে সেই কথা ৰিপ’ৰ্ট কৰিব।

তাৰ পিছত ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক সেই পোষ্ট আঁতৰাই দিবলৈ কোৱা হ’ব। প্ৰয়োজন সাপেক্ষে একাউণ্ট বন্ধ কৰিবলৈ কৰিবলৈ কোৱা হ’ব। তাৰ পিছত অসমৰ স্থানীয় চোৰাংচোৱা বিষয়াজনক নিৰ্দেশ প্ৰদান কৰা হ’ব সেইজন ব্যক্তিৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ।

নাম প্ৰকাশত অনিচ্ছুক গৃহ মন্ত্ৰণালয়ৰ এজন উচ্চপদস্থ বিষয়াই জনাইছে এই তথ্য। এই ব্যৱস্থাৰে ছচিয়েল মিডিয়াত আৰম্ভ হোৱা CAA বিৰোধী আন্দোলনক প্ৰশমিত কৰিব পাৰিব বুলি যথেষ্ট আত্মবিশ্বাসী কেন্দ্ৰীয় চৰকাৰ, মন্তব্য বিষয়া জনৰ।

Tuesday, December 24, 2019

National Pention System

চৰকাৰী পেঞ্চনৰ বাবে ভাল খবৰ------------>>>>
চৰকাৰী পেন্সন আঁচনিৰ ডাঙৰ পৰিৱৰ্তন? আপোনাৰ কাৰণে আছে সুখবৰ
চৰকাৰী পেন্সন আঁচনিত বৃহৎ সালসলনিৰ দিশে আগবঢ়া হৈছে। এই আঁচনিৰ অধীনত টকা দুগুণলৈ বৃদ্ধি পোৱাৰ লগতে পাব কেতবোৰ বিশেষ সুবিধা। অটল পেন্সন যোজনাত সৰ্বাধিক পেন্সন সীমা ৫০০০টকাৰ পৰা বৃদ্ধি কৰি ১০,০০০টকা মাহেকত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 

চৰকাৰী পেন্সন আঁচনিত বৃহৎ সালসলনিৰ দিশে আগবঢ়া হৈছে। এই আঁচনিৰ অধীনত টকা দুগুণলৈ বৃদ্ধি পোৱাৰ লগতে পাব কেতবোৰ বিশেষ সুবিধা। অটল পেন্সন যোজনাত সৰ্বাধিক পেন্সন সীমা ৫০০০টকাৰ পৰা বৃদ্ধি কৰি ১০,০০০টকা মাহেকত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। 


পেন্সন স্কীমৰ ৪টা ডাঙৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তুতি

পিএফআৰডিএৰ পূৰ্ণকালীন সদস্য সুপ্ৰতিম বেনাৰ্জীয়ে পিটিআইক কয় যে বাজেটৰ কাৰণে আমি চাই আছো যে এনপিএছৰ অধীনত বৰ্তমানৰ ৫০,০০০টকাৰ বিনিয়োগ ১লাখ টকালৈ বৃদ্ধি কৰিব পাৰি নে কি?

বেনাৰ্জীয়ে লগতে কয় যে, আমি ইয়াৰ উপৰিও অটল পেন্সন যোজনাৰ অধীনত বয়সৰ সীমা ৪০বছৰৰ পৰা বৃদ্ধি কৰি ৬০বছৰ কৰাৰ ক্ষেত্ৰত আগ্ৰহী। বৰ্তমান অটল পেন্সন যোজনাৰ লাভ ১৮ৰ পৰা ৪০বছৰৰ লোকেহে গ্ৰহণ কৰিব পাৰে।

অটল পেন্সন যোজনাৰ সৰ্বাধিক পেন্সন সীমা ৫,০০০টকাৰ পৰা বৃদ্ধি কৰি মাহে ১০,০০০টকালৈ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে।

পিএফআৰডিএ–এ চৰকাৰক এনপিএছৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে টেক্স ফ্ৰী ১৪শতাংশ যোগদানৰ ব্যৱস্থাক সকলো কেটেগৰীৰ কাৰণে বৃদ্ধি কৰোৱাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে ১৪শতাংশ যোগদান ১এপ্ৰিল ২০১৯ৰ পৰা বিনামূলীয়া কৰা হৈছিল। ৰাজ্য চৰকাৰ আৰু স্বায়ত্ব শাসিত নিকায়ৰ ক্ষেত্ৰত কৰ্মচাৰীৰ ১০শতাংশ যোগদান টেক্স ফ্ৰী আৰু অন্তিম ৪শতাংশ যোগদানৰ ক্ষেত্ৰত টেক্স কৰ্মচাৰীজনে নিজে দিবলগীয়া হয়।

উল্লেখযোগ্য যে নেচনেল পেন্সন চিষ্টেম অৰ্থাৎ এনপিএছ এক চৰকাৰী ৰিটায়াৰমেণ্ট চেভিং স্কীম, এই স্কীম কেন্দ্ৰই ১জানুৱাৰী, ২০০৪চনত আৰম্ভ কৰিছিল। এই তাৰিখৰ পিছত যোগদান কৰা সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে এই যোজনা অনিবাৰ্য। ২০০৯চনৰ পিছত এই আঁচনি ব্যক্তিগত ক্ষেত্ৰত কাম কৰাসকলৰ কাৰণেও খুলি দিয়া হয়।

এই আঁচনিৰ অধীনত প্ৰাইভেট চেক্টৰত কাম কৰা কৰ্মচাৰীয়ে নিজৰ ইচ্ছাৰে এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব পাৰে। অৱসৰৰ পিছত কৰ্মচাৰীয়ে এনপিএছৰ এটা অংশ উলিয়াব পাৰে আৰু বাকী ধন ৰিটায়াৰমেণ্টৰ পিছত ৰেগুলাৰ ইনকামৰ কাৰণে এনইউটি ল’ব পাৰে।

এই আঁচনিৰ কাৰণে চৰকাৰে পইণ্ট অৱ প্ৰেজেন্স সকলো প্ৰাইভেট আৰু চৰকাৰী বেংকত নিৰ্মাণ কৰিছে।  https://www.npscra.nsdl.co.in/pop-sp.php এই ৱেৱছাইটৰ জৰিয়ে এই পিঅ’পিলৈ যাব পাৰে।

একাউণ্ট খুলিবলৈ ঠিকনাৰ প্ৰমাণ, পৰিচয়ৰ প্ৰমাণ, জন্মৰ প্ৰমাণ পত্ৰ বা দশম শ্ৰেণীৰ চাৰ্টিফিকেট, চাবস্ক্ৰাইবাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আদি প্ৰয়োজনীয়।

এই আঁচনিত দুই ধৰণৰ একাউণ্ট থাকে, টায়াৰ ১ আৰু টায়াৰ ২। প্ৰত্যেক চাবস্ক্ৰাইবাৰক এটা পাৰমানেন্ট একাউণ্ট নম্বৰ (PRAN) উপলব্ধ কৰোৱা হ’ব আৰু ১২টা এককৰ এই সংখ্যাই সকলো লেন–দেনত কামত আহে।


    Wednesday, December 4, 2019

    প্ৰধান মন্ত্ৰী শ্ৰম য়োগী মানধন (PM-SYM) আৰু নেচনেল পেঞ্চন স্কীম।

          


          প্ৰধানমন্ত্ৰীৰ নতুন আচঁন  

    বিয়া পাতিলে? পেঞ্চন লওক: মোদীৰ আঁচনি; চাওক আপোনাৰ পৰিয়ালে পাবনে ।


     মোদী চৰকাৰে ভাৰতীয় দম্পতিসকলৰ বাবে শেহতীয়াকৈ দুখন নতুন বীমা আঁচনি আৰম্ভ কৰিছে।
    ৩০ বছৰৰ ঊৰ্ধ্বৰ বিবাহিত লোকে মাহে ১০০ টকাকৈ জমা থৈ এই আঁচনি দুখনৰ সুবিধা ল’ব পাৰিব।

    ৬০ বছৰৰ পিছত তেওঁ ৩৬ (মাহে ৩০০০) হাজাৰ টকাকৈ বছৰি পেঞ্চন লাভ কৰিব।
    দম্পতি এহালৰ স্বামী-স্ত্ৰী দুয়োয়ে এই আঁচনিকেইখনত ধন জমা থ’ব পাৰে।
    দুয়ো ১০০ টকাকৈ মাহে জমা কৰিলে পেঞ্চনৰ পৰিমাণ হ’ব বছৰি ৭২ হাজাৰ টকা।


    আঁচনি লোৱা ব্যক্তিৰ বয়স অনুযায়ী মাহিলী বৰঙনিৰ পৰিমাণ সৰ্বনিম্ন ৫৫ টকাৰ পৰা সৰ্বোচ্চ ২০০টকা পৰ্য্যন্ত হ’ব পাৰে।
    বীমা কৰা ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ জীৱনসংগীয়ে নিৰ্ধাৰিত পেঞ্চনৰ ৫০ শতাংশ লাভ কৰিব।

    আঁচনি দুখন হৈছে—প্ৰধান মন্ত্ৰী শ্ৰম য়োগী মানধন (PM-SYM) আৰু নেচনেল পেঞ্চন স্কীম।
    ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ, মাহিলী ১৫ হাজাৰ টকাতকৈ কম আয়ৰ আৰু EPFO/ESIC/NPSৰ সুবিধা নথকা লোকে প্ৰথমখন আঁচনিৰ সুবিধা ল’ব পাৰে।
    দ্বিতীয় আঁচনিখন খুচুৰা ব্যৱসায়ী আৰু স্বনিয়োজিত ব্যক্তিৰ বাবে। আঁচনিৰ বাবে যোগ্য হ’বলৈ ব্যক্তিৰ বাৰ্ষিক আয় ১.৫ কোটিতকৈ বেছি হ’ব নালাগিব।

    Saturday, November 23, 2019

    যান-বাহনৰ ভাৰা বাঢ়িছে

                       গাড়িৰ ভাৰা বাঢ়িল                                 নিম্নতম ভাৰা ৮ টকা
        ধাৰাবাহিকভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ৰাজহুৱা পৰিবহণৰ ভাড়া ২৫ শতাংশ বৃদ্ধি কৰে।
    এই নতুন নিৰীখ অনুসৰি চিটি বাছৰ ন্যূনতম ভাড়া হ’ব ৮ টকা আৰু সৰ্বাধিক হ’ব ২৭ টকা।
                           
    বৃদ্ধি পোৱা চিটি বাছৰ ভাড়াৰ নতুন নিৰীখ অনুসৰি ৫ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ল ৮ টকা, ৫ ৰ পৰা ৯ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১০.৯৪ টকা, ৯ ৰ পৰা ১৩ কিলোমিটাৰ পৰ্যন্ত হ’ব ১৪.৮৫ টকা।
    ইয়াৰ উপৰি ১৩ ৰ পৰা ১৭ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১৮.৭৫ টকা, ১৭ ৰ পৰা ২১ কিলোমিটাৰ পৰ্যন্ত হ’ব ২২.৬৬ টকা আৰু ২১ ৰ পৰা ২৫ কিলোমিটাৰ পৰ্যন্ত হ’ব ২৬.৫৬ টকা।
    আনহাতে দূৰণিবটীয়া যাত্ৰীবাহী বাছৰ ভাড়া প্ৰতি কিলোমিটাৰত বৃদ্ধি পাইছে ১.৩৩ টকা, দূৰণিবটায়ী এ চি বাছৰ ভাড়া প্ৰতি কিলোমিটাৰত বৃদ্ধি পাইছে ১.৫৪ টকা আৰু পাহাৰীয়া এলেকাত চলাচল কৰা দূৰণিবটায়ী বাছৰ বৃদ্ধি পাইছে প্ৰতি কিলোমিটাৰত ১.৬৫ টকা।
    • ইফালে এই নতুন নিৰীখ অনুসৰি ল’ ফ্ল’ৰ চিটী বাছৰো ভাড়া বৃদ্ধি পালে। ল’ ফ্ল’ৰ চিটীবাছৰ বাছৰ ন্যূনতম ভাড়া হ’ব ১১ টকা।

    Friday, November 22, 2019

    https://uidai.gov.in/

    আধাৰ কাৰ্ডত বিসংগতি আছে নেকি? কেনেকৈ কৰিব শুধৰণি? চাওক এই প্ৰতিবেদন ।


                                 


    যদি আপোনাৰ আধাৰ কাৰ্ডত কোনো তথ্য সলনি কৰিব বিচাৰে আৰু সেয়া কৰিব পৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। আধাৰ কাৰ্ড প্ৰদান কৰা কোম্পানী UIDAI–এ আধাৰ আপডেশ্যনৰ নিয়মত কিছু সালসলনি ঘটাইছে। আধাৰ কাৰ্ড সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে UIDAI–এ একাংশ চহৰত আধাৰ সেৱা কেন্দ্ৰ আৰম্ভ কৰিছে য’ত জনসাধাৰণে এই কাম কৰিব পাৰিব। এই কেন্দ্ৰত নতুন আধাৰ কাৰ্ডো বনাব পাৰিব। লগতে ঠিকনা, নাম আৰু জন্মতিথিত সালসলনিও কৰিব পাৰিব জনসাধাৰণে।

    আধাৰ সেৱা কেন্দ্ৰৰ সুবিধা পাবৰ ল’ব লাগে অনলাইন এপইণ্টমেণ্ট। কি কামৰ বাবে অনলাইন এপইণ্টমেণ্ট ল’ব লাগে :

    >> নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে

    >> নাম আপডেট কৰাৰ বাবে
    >> ঠিকনা আপডেট কৰাৰ বাবে
    >> জন্মৰ তাৰিখ আপডেট কৰাৰ বাবে
    >> ম’বাইল নম্বৰ আপডেট কৰিবৰ বাবে

    >> ই–মেইল আপডেট কৰাৰ বাবে
    >> লিংগ আপডেট কৰিবৰ বাবে
    >> বায়’মেট্ৰিক আপডেট কৰিবৰ বাবে

    কেনেকৈ ল’ব অনলাইন এপইণ্টমেণ্ট :
    >> ইয়াৰ বাবে প্ৰথমে আপুনি UIDAIৰ ৱেবছাইট (https://uidai.gov.in/) লৈ যাব লাগিব।
    >> ইয়াত 'My Aadhaar' ত ক্লিক কৰক। ইয়াৰ পিছত 'Book An Appointment' অপচনলৈ যাওক।
    >> এতিয়া আপুনি চহৰৰ নাম নিৰ্বাচন কৰক। তাৰ পিছত ''Proceed To Book An Appointment'ত ক্লিক কৰক।
    >> এতিয়া এখন নতুন পেজ খোল খাব। ইয়াত তিনিটা অপচন আছে – New Aadhaar, Aadhaar Update আৰু Manage Appointment। ধৰি লওক আপুনি আধাৰ আপডেট অপচন নিৰ্বাচন কৰিছে আৰু ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ, কেপচা কোড আৰু OTP বহুৱাওক, তেতিয়া আপোনাৰ এপ্লিকেশ্যন ভেৰিফাই হৈ যাব।
    >> OTP ভেৰিফিকেচন হৈ যোৱাৰ পিছত আপুনি তাত দিয়া ফৰ্মত নিজৰ তথ্য পূৰণ কৰিব লাগিব। এই ফৰ্মত এপইণ্টমেণ্ট সম্বন্ধীয় তথ্য বিচৰা হয়। তথ্য দাখিলৰ পিছত আপুনি বুকিং এপইণ্টমেণ্টৰ বাবে টাইম শ্লট নিৰ্বাচন কৰিব লাগিব।
    >> এতিয়া আপুনি ছাবমিট বুটাম টিপক। এই অনলাইন এপইণ্টমেণ্ট সম্পূৰ্ণ বিনামূলীয়া।