Wednesday, November 13, 2019

পান কাৰ্ডৰ ওপৰত নতুন নিয়ম নহলে জৰিমনা হ'ব ₹১০০০০ টকা

     
      পান কাৰ্ডৰ ওপৰত নতুন নিয়ম । নাজানিলে ভৰিব লাগিব ₹১০,০০০ টকা ।

             

কৰ বিভাগৰ নিয়ম অনুসৰি, কোনো লোকৰে এখনতকৈ অধিক পেন কাৰ্ড ৰখাৰ অনুমতি নাই ।




আয়কৰ ৰিটাৰ্ণৰ পৰা বৃহৎ বিত্তীয় লেনদেনলৈ সকলোতে প্ৰয়োজন হয় PAN নম্বৰৰ। কিন্তু, বহু সময়ত কোনো প্ৰ–পত্ৰ পূৰণৰ সময়ত পেন নম্বৰ ভুল হৈ যায়। সেয়েহে পেন নম্বৰ পূৰণৰ সময়ত সাৱধান হওক। নিয়ম মতে, যদি আপুনি কোনো প্ৰ–পত্ৰত পেন নম্বৰ ভুলকৈ দিয়ে তাৰ বাবে আপোনাৰ ১০ হাজাৰ টকালৈ জৰিমনা হ’ব পাৰে। আয়কৰ আইনৰ ১৯৬১ (Income Tax Act, 1961)ৰ ছেকচন 272Bৰ মতে, আয়কৰ বিভাগে ভুল পেন নম্বৰ দিলে বিহিব পাৰে ১০ হাজাৰ টকাৰ জৰিমনা।

আয়কৰ ৰিটাৰ্ণ বা বৃহৎ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত ভুল পেন নম্বৰ দিলে এই নিয়ম কাৰ্যকৰী হয়। বৰ্তমান আয়কৰ বিভাগৰ ওচৰত অতি কমেও ২০টা এনেকুৱা নিয়ম আছে য’ত পেন নম্বৰ দিয়াটো বাধ্যতামূলক। ইয়াৰ ভিতৰত বেংকৰ একাউণ্ট খোলা, গাড়ী কিনা, মিচ্যুৱেল ফাণ্ড কিনা, শ্বেয়াৰ, বণ্ড আদি অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে এবাৰ পেন কাৰ্ড লাভ কৰাৰ পিছত আপুনি দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। পেন কাৰ্ড এজন লোকৰ বাবে এবাৰেই জাৰি কৰা হয় আৰু গোটেই জীৱন বৈধ হয়।

কিছুমান ক্ষেত্ৰত প্ৰ–পত্ৰত পেন নম্বৰ দিয়াৰ পিছত পেন কাৰ্ডৰ ফটোকপিও বিচৰা হয়। কিয়নো যদি আপুনি অজানিতে ভুল পেন নম্বৰ দিয়ে তেন্তে ফটোকপিৰ দ্বাৰা ইয়াৰ সত্যতা নিৰোপণ কৰিব পৰা যায়। শেহতীয়াকৈ চৰকাৰে কৈছে যে পেন নম্বৰৰ সলনি আধাৰ নম্বৰো ব্যৱহাৰ কৰিব পাৰি। কিন্তু আপুনি মনত ৰাখিব লাগিব যে যদি আপুনি ভুল আধাৰ নম্বৰ দিয়ে তেন্তে ইয়াৰ বাবেও ১০ হাজাৰ টকাৰ জৰিমনা হ’ব পাৰে। ইয়াৰ উপৰি বৃহৎ লেনদেনত পেন বা আধাৰ নম্বৰ উল্লেখ নকৰিলেও জৰিমনা হ’ব পাৰে আপোনাৰ।

কৰ বিভাগৰ নিয়ম অনুসৰি, কোনো লোকৰে এখনতকৈ অধিক পেন কাৰ্ড ৰখাৰ অনুমতি নাই। যদি কাৰোবাৰ হাতত এখনতকৈ অধিক পেন কাৰ্ড থাকে তাৰ বাবেও ১০ হাজাৰ টকাৰ জৰিমনা বিহিব পাৰে। যদি কোনো লোকৰ দুখন পেন কাৰ্ড থাকে তেন্তে এখন কৰ বিভাগক গতাই দিয়া উচিত। যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নহয় তেন্তে ৩১ ডিচেম্বৰ ২০১৯ৰ পিছত অবৈধ ঘোষিত হ’ব পাৰে।

No comments:

Post a Comment