Sunday, November 10, 2019

http://arbas.assam.gov.in/home

    ২০১৯ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে অনলাইন আবেদন আৰম্ভ :-


       অসম চৰকাৰৰ শিক্ষা বিভাগে মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্রীলৈ ২০১৯ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব।
ইতিমধ্যে ইয়াৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।http://arbas.assam.gov.in/home


আনন্দৰাম বৰুৱা বঁটাৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে এখন প্ৰমাণপত্ৰ, দুবছৰীয়া ৩জি/৪জি সেৱাৰ সৈতে এটা লেপটপ, এনচিইআৰটি উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ পিডিএফ আৰু অনলাইন কোচ্চিং স্কোৰ ইম্প্ৰোভমেণ্ট চিষ্টেম লাভ কৰিব।
আচনিৰ নাম : আনন্দৰাম বৰুৱা বঁটা, ২০১৯
বিভাগীয় ৱেবচাইট :http://arbas.assam.gov.in/home





জানি লওঁক:-
দৰকাৰী তাৰিখ :
অনলাইন পঞ্জীয়ণ আৰম্ভ হোৱা তাৰিখ ৬-১১-২০১৯
অনলাইন পঞ্জীয়ণৰ অন্তিম তাৰিখ ২৫-১১-২০১৯
 প্ৰয়োজনীয় অৰ্হতা :
আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ হ’লে ছাত্ৰ অথবা ছাত্ৰীগৰাকীয়ে ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা/হাই মাদ্ৰাছা পৰীক্ষা/এফ এম পৰীক্ষা/সংস্কৃত পালি পৰীক্ষাত ষ্টাৰ মাৰ্ক(৭৫%)সহ উত্তীৰ্ণ হ’ব লাগিব।
কেনেদৰে আবেদন কৰিব:
বঁটা লাভৰ বাবে যোগ্য ছাত্ৰ-ছাত্ৰী সকলে বিভাগীয় ৱেবচাইট http://arbas.assam.gov.in/home  লৈ গৈ নিজৰ নাম পঞ্জীয়ণ কৰিব লাগিব।
আবেদনকাৰীয়ে তলত উল্লেখ কৰা ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব-
১) হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ প্ৰমান পত্ৰ(উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ স্বাক্ষৰ সম্বলিত, পিডিএফ ফৰ্মেটত)
২) নিজৰ স্বাক্ষৰ সম্বলিত পাচপোৰ্ট চাইজ ফটোগ্ৰাফ(জিপিজে ফৰ্মেটত)।

No comments:

Post a Comment