Saturday, November 23, 2019

যান-বাহনৰ ভাৰা বাঢ়িছে

                   গাড়িৰ ভাৰা বাঢ়িল                                 নিম্নতম ভাৰা ৮ টকা
    ধাৰাবাহিকভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ৰাজহুৱা পৰিবহণৰ ভাড়া ২৫ শতাংশ বৃদ্ধি কৰে।
এই নতুন নিৰীখ অনুসৰি চিটি বাছৰ ন্যূনতম ভাড়া হ’ব ৮ টকা আৰু সৰ্বাধিক হ’ব ২৭ টকা।
                       
বৃদ্ধি পোৱা চিটি বাছৰ ভাড়াৰ নতুন নিৰীখ অনুসৰি ৫ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ল ৮ টকা, ৫ ৰ পৰা ৯ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১০.৯৪ টকা, ৯ ৰ পৰা ১৩ কিলোমিটাৰ পৰ্যন্ত হ’ব ১৪.৮৫ টকা।
ইয়াৰ উপৰি ১৩ ৰ পৰা ১৭ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১৮.৭৫ টকা, ১৭ ৰ পৰা ২১ কিলোমিটাৰ পৰ্যন্ত হ’ব ২২.৬৬ টকা আৰু ২১ ৰ পৰা ২৫ কিলোমিটাৰ পৰ্যন্ত হ’ব ২৬.৫৬ টকা।
আনহাতে দূৰণিবটীয়া যাত্ৰীবাহী বাছৰ ভাড়া প্ৰতি কিলোমিটাৰত বৃদ্ধি পাইছে ১.৩৩ টকা, দূৰণিবটায়ী এ চি বাছৰ ভাড়া প্ৰতি কিলোমিটাৰত বৃদ্ধি পাইছে ১.৫৪ টকা আৰু পাহাৰীয়া এলেকাত চলাচল কৰা দূৰণিবটায়ী বাছৰ বৃদ্ধি পাইছে প্ৰতি কিলোমিটাৰত ১.৬৫ টকা।
  • ইফালে এই নতুন নিৰীখ অনুসৰি ল’ ফ্ল’ৰ চিটী বাছৰো ভাড়া বৃদ্ধি পালে। ল’ ফ্ল’ৰ চিটীবাছৰ বাছৰ ন্যূনতম ভাড়া হ’ব ১১ টকা।

Friday, November 22, 2019

https://uidai.gov.in/

আধাৰ কাৰ্ডত বিসংগতি আছে নেকি? কেনেকৈ কৰিব শুধৰণি? চাওক এই প্ৰতিবেদন ।


                             


যদি আপোনাৰ আধাৰ কাৰ্ডত কোনো তথ্য সলনি কৰিব বিচাৰে আৰু সেয়া কৰিব পৰা নাই তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। আধাৰ কাৰ্ড প্ৰদান কৰা কোম্পানী UIDAI–এ আধাৰ আপডেশ্যনৰ নিয়মত কিছু সালসলনি ঘটাইছে। আধাৰ কাৰ্ড সম্পৰ্কীয় সমস্যাৰ সমাধানৰ বাবে UIDAI–এ একাংশ চহৰত আধাৰ সেৱা কেন্দ্ৰ আৰম্ভ কৰিছে য’ত জনসাধাৰণে এই কাম কৰিব পাৰিব। এই কেন্দ্ৰত নতুন আধাৰ কাৰ্ডো বনাব পাৰিব। লগতে ঠিকনা, নাম আৰু জন্মতিথিত সালসলনিও কৰিব পাৰিব জনসাধাৰণে।

আধাৰ সেৱা কেন্দ্ৰৰ সুবিধা পাবৰ ল’ব লাগে অনলাইন এপইণ্টমেণ্ট। কি কামৰ বাবে অনলাইন এপইণ্টমেণ্ট ল’ব লাগে :

>> নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে

>> নাম আপডেট কৰাৰ বাবে
>> ঠিকনা আপডেট কৰাৰ বাবে
>> জন্মৰ তাৰিখ আপডেট কৰাৰ বাবে
>> ম’বাইল নম্বৰ আপডেট কৰিবৰ বাবে

>> ই–মেইল আপডেট কৰাৰ বাবে
>> লিংগ আপডেট কৰিবৰ বাবে
>> বায়’মেট্ৰিক আপডেট কৰিবৰ বাবে

কেনেকৈ ল’ব অনলাইন এপইণ্টমেণ্ট :
>> ইয়াৰ বাবে প্ৰথমে আপুনি UIDAIৰ ৱেবছাইট (https://uidai.gov.in/) লৈ যাব লাগিব।
>> ইয়াত 'My Aadhaar' ত ক্লিক কৰক। ইয়াৰ পিছত 'Book An Appointment' অপচনলৈ যাওক।
>> এতিয়া আপুনি চহৰৰ নাম নিৰ্বাচন কৰক। তাৰ পিছত ''Proceed To Book An Appointment'ত ক্লিক কৰক।
>> এতিয়া এখন নতুন পেজ খোল খাব। ইয়াত তিনিটা অপচন আছে – New Aadhaar, Aadhaar Update আৰু Manage Appointment। ধৰি লওক আপুনি আধাৰ আপডেট অপচন নিৰ্বাচন কৰিছে আৰু ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ, কেপচা কোড আৰু OTP বহুৱাওক, তেতিয়া আপোনাৰ এপ্লিকেশ্যন ভেৰিফাই হৈ যাব।
>> OTP ভেৰিফিকেচন হৈ যোৱাৰ পিছত আপুনি তাত দিয়া ফৰ্মত নিজৰ তথ্য পূৰণ কৰিব লাগিব। এই ফৰ্মত এপইণ্টমেণ্ট সম্বন্ধীয় তথ্য বিচৰা হয়। তথ্য দাখিলৰ পিছত আপুনি বুকিং এপইণ্টমেণ্টৰ বাবে টাইম শ্লট নিৰ্বাচন কৰিব লাগিব।
>> এতিয়া আপুনি ছাবমিট বুটাম টিপক। এই অনলাইন এপইণ্টমেণ্ট সম্পূৰ্ণ বিনামূলীয়া।

Thursday, November 21, 2019

FASTag mandatory for all vehicles from Dec 1

১ ডিচেম্বৰৰ পৰা সকলো যান-বাহনত FASTag বাধ্যতামূলক; কিদৰে লাভ কৰিব FASTag
Add caption

কেন্দ্রীয় পৰিবহন মন্ত্রী নীতিন গাডকাৰিয়ে যোৱা মাহত ঘোষণা কৰিছিল যে চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা সমস্ত যান-বাহনৰ কাৰণে বাধ্যতামূলক হ’ব FASTag। ইয়াৰ পিছত FASTag নথকা যান-বাহন সমূহৰ পৰা দুগুন হাৰত টোল সংগ্ৰহ কৰা হ’ব।
এই পাইলট প্রকল্পটো ২০১৪ চনত আৰম্ভ হৈছিল য’ত Radio Frequency Identification Technology (RFID) প্রযুক্তিৰ সহায়ত বৈদ্যুতিকভাৱে টোল সংগ্রহ কৰা হ’ব। নাথাকিব টোল গেটত শাৰী পাতি থকা সমস্যা।
FASTag কি?
FASTag হৈছে ভাৰতৰ বৈদ্যুতিক টোলিঙৰ প্রয়োজনীয়তা পূৰণৰ বাবে ৰাষ্ট্ৰীয় বৈদ্যুতিক টোল সংগ্রহ প্রোগ্রামৰ আওতাত, নেশ্যনেল পেমেন্ট কর্পোৰেশ্যন অব ইণ্ডিয়া (NPCI) ৰ দ্বাৰা তৈয়াৰ কৰা প্রিপেইড ৰিচার্জেবল টেগ।
টোল সংগ্রহৰ বাবে FASTag টিক গাড়ীৰ উইণ্ড’স্ক্ৰিণত সংযুক্ত কৰিব লাগিব। RFID-চালিত প্রযুক্তি যিখন টোল প্লাজাত উপলব্ধ, সেইপিনে স্বয়ংকৃতভাৱে টোল সংগ্ৰহ কৰা হ’ব।

    কিদৰে FASTag কিনিব আৰু ইয়াক কেনেকৈ সক্রিয় কৰিব

ই-কমাৰ্চ প্ল্যাটফর্ম মাধ্যমৰ জৰিয়তে FASTag অনলাইনত উপলব্ধ হ’ব। টেগটো ২৩ টা বেংক নিৰপেক্ষ আৰু আপোনাৰ স্মার্টফোনত ‘FASTag’ App Install কৰি ইয়াক নিজেই সক্রিয় কৰি ল’ব পাৰিব।
লগতে সকলো টোল প্লাজাৰ পৰাও ইয়াক সংগ্ৰহ কৰিব পাৰিব।
কিদৰে ৰিচার্জ কৰিব FASTag
যদি আপুনি আপোনাৰ FASTag টিক আপোনাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত কৰিছে তেন্তে আপোনাৰ একাউণ্টত পর্যাপ্ত পৰিমাণৰ ধন আছে নে নাই সেয়া নিশ্চিত কৰিলেই হ’ব। টেগটো ৰিচার্জ কৰাৰ দৰকাৰ নাই।
যদি আপুনি FASTag টোক প্রিপেইড Walletত লিংক কৰাৰ সিদ্ধান্ত লয় তেন্তে প্রিপেইড Walletত পৰ্যাপ্ত পৰিমাণৰ ধন ৰাখিব লাগিব

Wednesday, November 20, 2019

Arundhati Scheme of Assam

দৰা–কইনা দুয়ো হ’ব লাগিব মেট্ৰিক পাছ, অন্যথা নাপাব চৰকাৰী সোণ

অসম চৰকাৰৰ অভিলাসী আঁচনি অৰুন্ধতী কেবিনেটত গৃহিত হোৱাৰ পিছত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।

Add caption


বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে এখন অভিলাসী আঁচনি। আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা উপযুক্ত বয়সত বিয়া হ’লে ছোৱালীক চৰকাৰে দিব এতোলা সোণ। অৰুন্ধতী আঁচনি  কেবিনেটত গৃহিত হোৱাৰ পিছত বুধবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। কিন্তু সোণ লাভ কৰিবলৈ হ’লে কৰাব লাগিব পঞ্জীয়ন।  বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব সোণ ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা। কিন্তু চৰকাৰে আগবঢ়োৱা এই আচঁনিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে দৰা কইনা হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ। অৱশ্যে চাহ জনজাতি আৰু আদিবাসীৰ ক্ষেত্ৰত নালাগে কোনো শিক্ষাগত অৰ্হতা।

২০২০ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ’ব চৰকাৰৰ এই অভিলাসী আঁচনিখন। আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব। ডিচেম্বৰত সামাজিক ভাবে বিয়া পাতিলেও ২০২০ চনত পঞ্জীয়নৰ সুবিধা লব পাৰিব। লগতে  হিতাধিকাৰীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখ তলত উপৰ্জন কৰিলেহে এই আচনিৰ সুবিধা পাব।

Assam Holiday List 2020

অসমৰ ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা



Add caption
                 মঙলবাৰে মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ চূড়ান্ত তালিকাখন অনুমোদন জনোৱা হয়।
বন্ধৰ তালিকা অনুসৰি, চৰকাৰী কৰ্মচাৰীৰ সম্পূৰ্ণ বন্ধ ৩৫ দিন আৰু ৩১ দিন সীমিত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ তালিকা অনুসৰি দুটা অর্ধ-ছুটি ঘোষণা কৰা হৈছে। ৩০ আগষ্টত মহৰম আৰু ৩০ অক্টোবৰ লক্ষ্মী পূজা উপলক্ষে এই দুদিন অসমৰ ২০২০ বৰ্ষৰ বন্ধৰ তালিকা অনুসৰি অর্ধ-ছুটি থাকিব।
অসমৰ ২০২০ বৰ্ষৰ ছুটিৰ তালিকা –

Sunday, November 17, 2019

আপোনাৰ SBIৰ একাউণ্ট আছে নেকি? জানি লওক এই নিয়ম

SBI ৰ একাউণ্টত প্ৰত্যেক মাহে নিৰ্ধাৰিত এক নূন্যতম ধনৰাশি জমা ৰখাটো বাধ্যতামূলক। অন্যথা ভৰিব লগা হয় জৰিমনা ।


                 

দেশৰ সৰ্ববৃহৎ পাব্লিক চেক্টৰ বেংক,  ভাৰতীয় ষ্টেট বেংকত নিজৰ গ্ৰাহক সকলৰ বাবে বিভিন্ন ধৰণে একাউণ্ট খোলাৰ বিকল্প পদ্ধতি আছে। SBI ত আপোনাৰ ছেভিংছ একাউণ্ট, ফিক্স ডিপজিট আৰু ৰেকাৰিং ডিপজিত কৰিও ধন জমা কৰিব পাৰি। শেহতীয়াকৈ SBI এ চেভিংছ একাউণ্টত ১ লাখ টকাতকৈ কম ধন জমা ৰাখিলে সুতৰ হাৰ কমাই ৩.২৫ শতাংশ কৰিছে। SBI ৰ এই নিয়ম ১ নবেম্বৰৰ পৰা এই নিয়ম কাৰ্যকৰী হৈছে।

উল্লেখযোগ্য যে, SBI গ্ৰাহকে একাউণ্টত নিৰ্ধাৰিত এক নূন্যতম ধনৰাশি জমা ৰখাটো বাধ্যতামূলক। SBI  একাউণ্টত বেলেঞ্চক লৈ এই নিয়ম চহৰ ভেদে বেলেগ বেলেগ।

Wednesday, November 13, 2019

পান কাৰ্ডৰ ওপৰত নতুন নিয়ম নহলে জৰিমনা হ'ব ₹১০০০০ টকা

     
      পান কাৰ্ডৰ ওপৰত নতুন নিয়ম । নাজানিলে ভৰিব লাগিব ₹১০,০০০ টকা ।

             

কৰ বিভাগৰ নিয়ম অনুসৰি, কোনো লোকৰে এখনতকৈ অধিক পেন কাৰ্ড ৰখাৰ অনুমতি নাই ।




আয়কৰ ৰিটাৰ্ণৰ পৰা বৃহৎ বিত্তীয় লেনদেনলৈ সকলোতে প্ৰয়োজন হয় PAN নম্বৰৰ। কিন্তু, বহু সময়ত কোনো প্ৰ–পত্ৰ পূৰণৰ সময়ত পেন নম্বৰ ভুল হৈ যায়। সেয়েহে পেন নম্বৰ পূৰণৰ সময়ত সাৱধান হওক। নিয়ম মতে, যদি আপুনি কোনো প্ৰ–পত্ৰত পেন নম্বৰ ভুলকৈ দিয়ে তাৰ বাবে আপোনাৰ ১০ হাজাৰ টকালৈ জৰিমনা হ’ব পাৰে। আয়কৰ আইনৰ ১৯৬১ (Income Tax Act, 1961)ৰ ছেকচন 272Bৰ মতে, আয়কৰ বিভাগে ভুল পেন নম্বৰ দিলে বিহিব পাৰে ১০ হাজাৰ টকাৰ জৰিমনা।

আয়কৰ ৰিটাৰ্ণ বা বৃহৎ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত ভুল পেন নম্বৰ দিলে এই নিয়ম কাৰ্যকৰী হয়। বৰ্তমান আয়কৰ বিভাগৰ ওচৰত অতি কমেও ২০টা এনেকুৱা নিয়ম আছে য’ত পেন নম্বৰ দিয়াটো বাধ্যতামূলক। ইয়াৰ ভিতৰত বেংকৰ একাউণ্ট খোলা, গাড়ী কিনা, মিচ্যুৱেল ফাণ্ড কিনা, শ্বেয়াৰ, বণ্ড আদি অন্তৰ্ভুক্ত। উল্লেখযোগ্য যে এবাৰ পেন কাৰ্ড লাভ কৰাৰ পিছত আপুনি দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। পেন কাৰ্ড এজন লোকৰ বাবে এবাৰেই জাৰি কৰা হয় আৰু গোটেই জীৱন বৈধ হয়।

কিছুমান ক্ষেত্ৰত প্ৰ–পত্ৰত পেন নম্বৰ দিয়াৰ পিছত পেন কাৰ্ডৰ ফটোকপিও বিচৰা হয়। কিয়নো যদি আপুনি অজানিতে ভুল পেন নম্বৰ দিয়ে তেন্তে ফটোকপিৰ দ্বাৰা ইয়াৰ সত্যতা নিৰোপণ কৰিব পৰা যায়। শেহতীয়াকৈ চৰকাৰে কৈছে যে পেন নম্বৰৰ সলনি আধাৰ নম্বৰো ব্যৱহাৰ কৰিব পাৰি। কিন্তু আপুনি মনত ৰাখিব লাগিব যে যদি আপুনি ভুল আধাৰ নম্বৰ দিয়ে তেন্তে ইয়াৰ বাবেও ১০ হাজাৰ টকাৰ জৰিমনা হ’ব পাৰে। ইয়াৰ উপৰি বৃহৎ লেনদেনত পেন বা আধাৰ নম্বৰ উল্লেখ নকৰিলেও জৰিমনা হ’ব পাৰে আপোনাৰ।

কৰ বিভাগৰ নিয়ম অনুসৰি, কোনো লোকৰে এখনতকৈ অধিক পেন কাৰ্ড ৰখাৰ অনুমতি নাই। যদি কাৰোবাৰ হাতত এখনতকৈ অধিক পেন কাৰ্ড থাকে তাৰ বাবেও ১০ হাজাৰ টকাৰ জৰিমনা বিহিব পাৰে। যদি কোনো লোকৰ দুখন পেন কাৰ্ড থাকে তেন্তে এখন কৰ বিভাগক গতাই দিয়া উচিত। যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নহয় তেন্তে ৩১ ডিচেম্বৰ ২০১৯ৰ পিছত অবৈধ ঘোষিত হ’ব পাৰে।