Sunday, December 29, 2019

ফেচবুক-টুইটাৰ ব্যৱহাৰ কৰাসকল সাৱধান, এইধৰণৰ পোষ্ট কৰিলে বন্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট

ফেচবুক-টুইটাৰ ব্যৱহাৰ কৰাসকল সাৱধান, এইধৰণৰ পোষ্ট কৰিলে বন্ধ হ’ব পাৰে আপোনাৰ একাউণ্ট!



ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল সাৱধান হওক। কাৰণ ফেচবুক আৰু টুইটাৰত CAAৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে অসমীয়াত মন্তব্য কৰিলেও সাৰি যাব নোৱাৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শেনচকুৰ পৰা। এই কাৰ্যৰ বাবে গঠন কৰা IT আৰু ফফ্টৱেৰ বিশেষজ্ঞৰ দলে প্ৰস্তুত কৰি উলিয়াইছে এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকা।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰূদ্ধে আন্দোলন তীব্র হোৱাৰ লগে লগে ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছে ফেচবুক আৰু টুইটাৰত। ছচিয়েল মিডিয়াত দিনে দিনে বাঢ়ি গৈছে অসমীয়াত চৰকাৰৰ বিৰূদ্ধে মন্তব্য কৰা লোকৰ সংখ্যা। পূৰ্বতে Unicode পদ্ধতিৰে ছচিয়েল মিডিয়াত অসমীয়াত মন্তব্য কৰা সকলৰ ওপৰত চকু ৰখা অসম্ভৱ আছিল। কিন্তু এতিয়া CAAৰ বিৰোধিতা কৰি অসমীয়াত ছচিয়েল মিডিয়াত মন্তব্য কৰিলেও এতিয়া সাৰি যাব নোৱাৰে গৃহ মন্ত্ৰণালয়ৰ শেনচকুৰ পৰা।

কিন্তু সম্প্ৰতি ছচিয়েল মিডিয়াত অসমীয়াত CAAৰ বিৰোধিতা কৰি চৰকাৰ বিৰুদ্ধে মন্তব্য কৰা লোকৰ সংখ্যা অতিমাত্ৰা বৃদ্ধি পোৱাত সচকিত হৈছে কেন্দ্ৰীয় চৰকাৰ।

নতুন দিল্লীৰ গৃহ মন্ত্ৰণালয়ৰ নতুন কাৰ্যালয়ত এই উদ্দেশ্যে গঠন কৰা হৈছে IT বিশেষজ্ঞ আৰু ছফটৱেৰ অভিযন্তাৰ এক বিশেষ দল। Earnest and Young নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা লোৱা হৈছে বিশেষ সেৱা। ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা লোৱা হৈছে ৫জন অতি পাৰ্গত ব্যক্তিক আৰু সমান্তৰালকৈ নিয়োগ কৰা হৈছে অসমৰ ৩৩খন জিলাৰ বিপৰীতে ৩৩জন অসমীয়া ভাষা জনা ছচিয়েল মিডিয়া বিশেষজ্ঞ।

এই বিশেষ দলটোৱে প্ৰস্তুত কৰি উলিয়াইছে এক লাখ অসমীয়া শব্দৰ Keywordৰ তালিকা। আৰু এক মাহৰ ভিতৰত এই তালিকাত অন্তৰ্ভুক্ত হ’ব অতিৰিক্ত ২ লক্ষ শব্দ। জাতি, মাটি, জাতীয়, নায়ক, দেশদ্রোহী আদি শব্দবোৰেৰে প্ৰস্তুত কৰা হৈছে ১ লক্ষ শব্দৰ এই তালিকা।

কোনোৱে ছচিয়েল মিডিয়াত এই শব্দবোৰ ব্যৱহাৰ কৰি ষ্টেটাছ দিলে অথবা টুইট কৰিলেই বিশেষ Software Applicationৰ সহায়ত এই দলটোৱে বিচাৰি উলিয়াব ষ্টেটাছ দিয়া আৰু টুইট কৰা ব্যক্তিজনক। তৎক্ষণাত তেওঁৰ পৰিচয়, অৱস্থিতি আদি বিচাৰি প্ৰস্তুত কৰা হ’ব এক বিশেষ ডাটাবেছ। এতিয়া অসমীয়া ভাষা জনাকেইজনে সেই মন্তব্যটো বিশ্লেষণ কৰিব আৰু যদি সেই মন্তব্য চৰকাৰৰ বিৰোধী হয় তেওঁলোকে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে সেই কথা ৰিপ’ৰ্ট কৰিব।

তাৰ পিছত ফেচবুক আৰু টুইটাৰ কৰ্তৃপক্ষক সেই পোষ্ট আঁতৰাই দিবলৈ কোৱা হ’ব। প্ৰয়োজন সাপেক্ষে একাউণ্ট বন্ধ কৰিবলৈ কৰিবলৈ কোৱা হ’ব। তাৰ পিছত অসমৰ স্থানীয় চোৰাংচোৱা বিষয়াজনক নিৰ্দেশ প্ৰদান কৰা হ’ব সেইজন ব্যক্তিৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ।

নাম প্ৰকাশত অনিচ্ছুক গৃহ মন্ত্ৰণালয়ৰ এজন উচ্চপদস্থ বিষয়াই জনাইছে এই তথ্য। এই ব্যৱস্থাৰে ছচিয়েল মিডিয়াত আৰম্ভ হোৱা CAA বিৰোধী আন্দোলনক প্ৰশমিত কৰিব পাৰিব বুলি যথেষ্ট আত্মবিশ্বাসী কেন্দ্ৰীয় চৰকাৰ, মন্তব্য বিষয়া জনৰ।

No comments:

Post a Comment